Synthesis of Sentences full concept| Class 10 Grammar Section

Synthesis of Sentences বা Combination of Sentences ৰ ধাৰণা

Synthesis of Sentences

ছাত্ৰ-ছাত্ৰী সকল  তোমালোকৰ Grammar section ত Synthesis of Sentences ৰ concept টো উল্লেখ আছে । এইটো Article ৰ দ্বাৰা তোমালোকৰ বাবে এইটো বিষয়ৰ ওপৰত তোমালোকৰ বাবে প্ৰয়োজনীয় সকলোখিনি তথ্য উল্লেখ কৰিছো । আগন্তুক সময়ত আন আন Grammar ৰ যি বিষয় আছে সেই সমূহৰো Detail article প্ৰকাশ কৰিম । গতিকে Visit কৰি থাকিবা আৰু Comment কৰি জনাবলৈ নাপাহৰিবা কিমান সহায় কাৰি হৈছে এইটো Article । শেষত এটা QUIZ ৰাখিছো । সেইটো Attempt কৰিবা আৰু কিমান Score কৰিব পাৰিলা জনাবা । 

Q.1.What is Synthesis of Sentences? (বাক্য সংযোজন মানে কি?)

Ans: Synthesis of Sentences মানে হ’ল বিভিন্ন বাক্যক লগ লগাই এটা ৰূপ দিয়া বা এটা অৰ্থপূৰ্ণ বাক্যলৈ ৰূপান্তৰ কৰা। Synthesis of Sentences ক Combination of sentences বুলিও ক’ব পাৰি । Combination মানে সংযোগ কৰা । 

Synthesis Sentences টো তিনিধৰণৰ হ’ব পাৰে :

* Simple Sentence (সৰল বাক্য)

* Complex Sentence (জটিল বাক্য)

* Compound Sentence (যৌগিক বাক্য)

Exam Point of View :

পৰীক্ষাত সাধাৰণতে দুটা বা ততোধিক বাক্য, বাক্যৰ প্ৰকাৰটো উল্লেখ কৰি অৰ্থ সলনি নকৰাকৈ সলনি কৰিবলৈ দিয়া হয় । 

Rules of Synthesis Sentences (বাক্য সংযোজনৰ নীতি-নিয়ম)

দুটা বাক্যক যদি Simple Sentence (সৰল বাক্য) লৈ সলনি কৰিব লগা হয় তাৰ নিয়ম সমূহ হ'ব তলত উল্লেখ কৰাৰ দৰে ।  সৰল বাক্যত মাত্ৰ এটা মূল ক্ৰিয়া (Finite Verb) থাকিব পাৰে। বাকী ক্ৰিয়াবোৰক সলনি কৰিব লাগে।

Rule 1 (প্ৰথম নিয়ম) : Present Participle (V+ing) ৰ ব্যৱহাৰ : যদি একেজন ব্যক্তিয়ে দুয়োটা কাম কৰে আৰু এটাৰ পিছতে আনটো কাম হয়, তেন্তে প্ৰথম কামটোৰ Verb ৰ লগত ‘ing’ লগাই দিয়া হয়।

Example: He saw the tiger. He ran away. → Seeing the tiger, he ran away.

Concept of Present Participle (Present Participle ৰ অৰ্থ) 

আমি Principal Verb ৰ তালিকা বা List যতিয়া মনত ৰাখিছিলো তাত আমি Past Participle ৰ এটা concept পাইছিলো, Present Participle ৰ কোনো ধৰণৰ Concept পোৱা নাছিলো । গতিকে তোমালোকৰ Confusion হ’ব পাৰে দুয়োটাৰ বিষয়ত । সেই বাবে আমি আমাৰ মনৰ পৰা সেই Confusion টো আঁতৰ কৰাটো বহুত প্ৰয়োজনীয় । সেই বাবে তলত Present Participle ৰ ধাৰণাটো আলোচনা কৰিছো ।  প্ৰথমতে আমি দুয়োটা Concept বুজি পাব লাগিব । 

Present Participle : এইটো এটা ক্ৰিয়া বা verb ৰ এটা ৰূপ য’ত Verb ৰ Present form ৰ শেষত ‘ing’ যোগ কৰা হয় । 

যেনে:  Walk + ing = Walking,  Sing + ing = Singing,  Go + ing = Going

কিন্তু এটা কথা মনত ৰাখিব লাগিব Verb ত ‘ing’ থকা মানেই Present Participle নুবুজায় । English Grammar ত ‘ing’ ৰ তিনিতা ব্যৱহাৰ আছে ।

a) Continuous Tenses গঠন কৰিবলৈ ‘ing’ ব্যৱহাৰ হয় । কোনো এটা কাম চলি আছে বা আছিল তাক বুজাবলৈ আমি am, is, are, was, were ৰ লগত Verb ৰ first form ব্যৱহাৰ কৰি তাৰ লগত ‘ing’ ব্যৱহাৰ কৰা হয় ।

For Example

* He is playing football. (সি ফুটবল খেলি আছে।)

* They were eating rice. (সিহঁতে ভাত খাই আছিল।)

b) As an Adjective ব্যৱহাৰ : কেতিয়াবা কোনো মানুহ বা বস্তুৰ অৱস্থা বুজাবলৈ Verb ৰ পৰিৱৰ্তে adjective হিচাপে ব্যৱহাৰ হয় ।

For example :

* It is an interesting story. (ই এটা আকৰ্ষণীয় কাহিনী।)

* Be careful of the burning fire. (জলি থকা জুইৰ পৰা সাৱধান হওক।)

c) বাক্য সংযোগ কৰিবলৈ (In Synthesis of Sentences): আন এটা ব্যৱহাৰ Synthesis বা বাক্য সংযোজক হিচাপে যিটোৰ ব্যৱহাৰ ইতিমধ্যে আলোচনা কৰা হৈছে । সৰল বাক্যৰ ক্ষেত্ৰত ব্যৱহাৰ হয় । এজন লোকে যেতিয়া লগে লগে এটা কামৰ পাচতে আন এটা কাম কৰে, তেতিয়া প্ৰথম কামটোৰ ক্ষেত্ৰত Present Participle ব্যৱহাৰ কৰা হয়।

কৰাৰ নিয়ম সমূহ :  প্ৰথম কামটো বুজোৱা বাক্যটোৰ Verb টোৰ লগত 'ing' লগাই দিয়া হয় আৰু Subject টো গুচাই দিয়া হয়।

Example : a) He opened the drawer. He took out the gun.

Combined: Opening the drawer, he took out the gun. (ড্ৰয়াৰটো খুলি, সি বন্দুকটো উলিয়াই ললে।)

b) The girl saw the snake. She ran away.

Combined: Seeing the snake, the girl ran away. (সাপটো দেখি, ছোৱালীজনী পলাই গ’ল।)

Rule 2 (দ্বিতীয় নিয়ম) : Infinitive (To + Verb) ৰ ব্যৱহাৰ

কেনেদৰে ব্যৱহাৰ কৰা হয় : যদি এটা বাক্যত কাম এটা কৰাৰ কথা কোৱা হৈছে আৰু আনটো বাক্যত তাৰ উদ্দেশ্যৰ (Purpose) কথা কোৱা হৈছে তেনে ক্ষেত্ৰত উদ্দেশ্যৰ কথা কোৱা বাক্যটোৰ ক্ৰিয়া (Verb) ৰ আগত ‘to’ ব্যৱহাৰ কৰা হয়।

Example: He went to Delhi. He wanted to see the Red Fort. → He went to Delhi to see the Red Fort.

Rule 3 (তৃতীয় নিয়ম) : 'Too...to' ৰ ব্যৱহাৰ কৰোতে পালন কৰিব লগা নিয়ম - যেতিয়া বাক্যত Very আৰু Cannot/Could not থাকে, তেনেক্ষেত্ৰত Too...to ব্যৱহাৰ কৰিব লাগে ।

Example: He is very weak. He cannot walk. → He is too weak to walk.

Rule 4 চতুৰ্থ নিয়ম : দুয়োটা বাক্যত একেজন ব্যক্তি বা একেটা বস্তুৰ পৰিচয় দিয়া হয় তেনে ক্ষেত্ৰত “,” ক’মা ব্যৱহাৰ কৰি combine কৰা হয় ।এনে ক্ষেত্ৰত Verb টো এবাৰহে ব্যৱহাৰ হয়।

Example: Tagore was a great poet. He wrote Gitanjali. → Tagore, a great poet, wrote Gitanjali.

দুটা বাক্যক Complex Sentence (জটিল বাক্য) কৰাৰ নিয়ম আৰু ব্যৱহাৰ : 

দুটা বাক্যক জটিল বাক্যলৈ পৰিৱৰ্তন কৰিবলৈ সংযোগ শব্দ বা Linking word ৰ ব্যৱহাৰ কৰি এটাক আনটোৰ ওপৰত নিৰ্ভৰশীল কৰা হয় আৰু combine কৰা হয় ।

Rule 1 প্ৰথম নিয়ম : Relative Pronoun (Who/Which) ৰ ব্যৱহাৰ

মানুহৰ ক্ষেত্ৰত : যদি দ্বিতীয় বাক্যই প্ৰথম বাক্যৰ মানুহজনক বৰ্ণনা কৰে, তেন্তে ‘Who’ বহে। প্ৰথম বাক্যটো একেদৰেই লিখি দ্বিতীয় বাক্যটোৰ Subject ৰ ঠাইত ‘who’ ব্যৱহাৰ কৰি বাক্যটো লিখা হয় ।

Example - I saw a boy. He was weak.

I saw a boy who was weak. (ইয়াত দ্বিতীয় বাক্যটোৰ Subject ‘He’ ক সলনি কৰি relative Pronoun ‘who’ ব্যৱহাৰ হৈছে ।

বস্তু/জন্তুৰ ক্ষেত্ৰত : যদি বস্তু বা জন্তু বুজায়, তেন্তে ‘Which’ বা ‘That’ বহে। এইক্ষেত্ৰটো প্ৰথম বাক্যটো exact লিখি দ্বিতীয় বাক্যটোৰ Subject ৰ আগত which/that ব্যৱহাৰ কৰি বাক্যত থকা (it/this) আদি আঁতৰাই দি লিখিব লাগে ।

Example: This is the box. I bought it yesterday.

Ans: This is the box which I bought yesterday.

Rule 2 (দ্বিতীয় নিয়ম) : সঁচা ঘটনা বা সাধাৰণ মন্তব্য বুজাবলৈ noun clause ‘that’ ব্যৱহাৰ কৰা হয় ।

Example : He is honest. Everybody knows it. → Everybody knows that he is honest. (ইয়াত দ্বিতীয় বাক্যটো আগত লিখি মাজত ‘that’ ব্যৱহাৰ কৰি প্ৰথম বাক্যটো লিখা হয় । 

Rule 3 (তৃতীয় নিয়ম): সময়, কাৰণ আৰু চৰ্ত বুজোৱা বাক্যবোৰত Adverb clause ব্যৱহাৰ কৰা হয় । 

সময়ৰ ক্ষেত্ৰত : When বা as soon asas ব্যৱহাৰ কৰা হয় ।

Example : The bell rang. The school closed.

Ans: As soon as the bell rang, the school closed.

কাৰণ বুজালে : because বা As ব্যৱহাৰ হয় । 

Example: He worked hard. He passed the exam.

Ans: He passed the exam because he worked hard.

চৰ্ত (Condition) বুজালে : If ব্যৱহাৰ কৰা হয় । 

Example: Run. You will catch the bus.

Ans: If you run, you will catch the bus.)

দুটা বাক্যক সংযোগ কৰি Compound Sentence (যৌগিক বাক্য) লৈ কৰাৰ নিয়ম : ইয়াত দুটা স্বতন্ত্ৰ বাক্যক কনজাংচন (Conjunction) ৰ সহায়ত জোৰা লগোৱা হয়। 

Rule 1 (প্ৰথম নিয়ম): And (আৰু) ৰ সহায়ত দুটা বাক্যৰ সংযোগ : যেতিয়া দুটা একে ধৰ্ম অৰ্থাৎ অৰ্থযুক্ত বাক্যক সংযোগ কৰা হয় ।

Example: He came in. He sat down. → He came in and sat down.

Rule 2 (দ্বিতীয় নিয়ম) : But (কিন্তু)ৰ সহায়ত দুটা বাক্যৰ সংযোগ :  দুটা বিপৰীতধৰ্মী কথা সংযোগ কৰিবলৈ।

Example: He tried hard. He failed. → He tried hard but failed.

Rule 3 (তৃতীয় নিয়ম): Or / Otherwise (নহ’লে/বিকল্প) ৰ ব্যৱহাৰ কৰি দুটা বাক্য যোৰা লগাব পাৰি । এই দুটাৰ ব্যৱহাৰ কৰা হয় দুটাৰ মাজত বাছনি (Choice) বা সতৰ্কবাণী বুজাবলৈ।

Example: Work hard. You will fail. → Work hard or you will fail.

Rule 4 (চতুৰ্থ নিয়ম) : So / Therefore (সেয়েহে) ব্যৱহাৰ কৰা হয় কাৰণ আৰু ফলাফল বুজাবলৈ। 

Example: He was ill. He could not come. → He was ill, so he could not come.

প্ৰশ্ন (Question)/উত্তৰ(Answer)/নিয়ম(Rule/Logic)

a) The earth is round. We can prove it.

Ans: We can prove that the earth is round. 

Logic: Noun Clause (That)

b) The man created the trouble. He was arrested.

Ans: The man who created the trouble was arrested.

Logic: Relative Clause (Who)

c) The box is very heavy. I cannot lift it.

Ans: The box is too heavy for me to lift. 

Logic: Too...to rule.

d) It was raining. We did not go out. 

Ans: As it was raining, we did not go out. 

Logic: Reason (As)

e) The hunter raised his gun. He shot the tiger.

Ans : Raising his gun, the hunter shot the tiger.

Logic: Participle (Raising)

f) He is rich. He is not happy.

Ans: He is rich but not happy.

Logic: Contrast (But)

g) I was born here. Do you know the place? 

Ans: Do you know the place where I was born?

Logic: Place (Where)

h) Speak the truth. I shall pardon you.

Ans: If you speak the truth, I shall pardon you.

Logic: Condition (If)

ছাত্ৰ-ছাত্ৰী সকল তোমালকৰ আৰু যাতে ভালকৈ concept টো clear হয় তাৰ বাবে তলত ৬০ টা প্ৰশ্ন দিয়া হৈছে । সেইবোৰ Attempt কৰি চাবা আৰু score টো জনাবা । 
English Grammar Quiz: Synthesis of Sentences

Synthesis of Sentences Quiz

Question 1 of 60
Simple Sentences
Loading Question...

কুইজৰ ফলাফল (Result)

0

মুঠ নম্বৰ: 60

Post a Comment

0 Comments