A Tiger in the Zoo Assamese meaning| SEBA Class 10 English Poem
![]() |
| A Tiger in the Zoo |
About the Poet (কবিৰ পৰিচয়)
Leslie Norris was a prize-winning Welsh poet and short story writer. He is known for his ability to write about nature and the natural world with great detail.
অসমীয়া: জৰ্জ লেছলি নৰিছ (১৯২১–২০০৬) এজন পুৰস্কাৰ বিজেতা ৱেলছ কবি আৰু চুটিগল্পৰ লেখক আছিল। প্ৰকৃতি আৰু প্ৰাকৃতিক জগতৰ বিষয়ে অতি সূক্ষ্মভাৱে লিখাৰ বাবে তেখেত জনাজাত আছিল।
Stanza-wise Explanation (স্তৱক অনুযায়ী ব্যাখ্যা)
Stanza 1
He stalks in his vivid stripes
The few steps of his cage,
On pads of velvet quiet,
In his quiet rage.
অসমীয়া অৰ্থ: বাঘটোৱে তাৰ শৰীৰত থকা উজ্জ্বল ৰেখাবোৰ সৈতে সৰু সজাটোত (cage) ইফালৰ পৰা সিফালে খোজ কাঢ়িছে ফুৰিছে। সজাটো সৰু সেইবাবে সি বেছিকৈ খোজ কাঢ়িব পৰা নাই লগতে তাৰ ভৰিৰ তলুৱা ভেলভেটৰ দৰে কোমল, সেয়ে তাৰ খোজৰ শব্দও হোৱা নাই। তাক বন্দী কৰি ৰখাৰ বাবে তাৰ খং উঠে, কিন্তু সি একো কৰিব নোৱাৰে, সেই বাবে শান্ত হৈ আছে।
Stanza 2
He should be lurking in shadow,
Sliding through long grass
Near the water hole
Where plump deer pass.
অসমীয়া অৰ্থ: দ্বিতীয় স্তৱকত কবিয়ে বাঘটোৰ বন্য জীৱনৰ কথা কল্পনা কৰিছে। তেওঁৰ মতে আচলতে বাঘটো হাবিত গছৰ ছাঁত লুকাই থাকিব লাগিছিল আৰু পানীৰ উৎসৰ (water hole) কাষত দীঘল ঘাঁহৰ মাজেৰে নিশব্দে আগবাঢ়িব লাগিছিল, যাতে সি পানী খাবলৈ অহা কোনো শকত-আৱত হৰিণ চিকাৰ কৰিব পাৰে।
Stanza 3
He should be snarling around houses
At the jungle’s edge,
Baring his white fangs, his claws,
Terrorising the village!
অসমীয়া অৰ্থ: কবিয়ে কল্পনা কৰিছে যে যদি বাঘটো বনত মুক্ত হৈ থাকিলে হেতেন, তেন্তে সি হাবিৰ কাষত থকা মানুহৰ ঘৰবোৰৰ আশে-পাশে গৰজি ফুৰিলেহেতেন। সি তাৰ বগা জোঙা দাঁত আৰু নখ প্ৰদৰ্শন কৰি গাওঁবাসীক ভয় খুৱালেহেতেন আৰু সন্ত্ৰাসৰ সৃষ্টি কৰিলে হেতেন ।
Stanza 4
But he is locked in a concrete cell,
His strength behind bars,
Stalking the length of his cage,
Ignoring visitors.
অসমীয়া অৰ্থ: কিন্তু বাস্তৱটো তাৰ ওলোটা ছবিহে দেখা গৈছে । সি এটা পকী কোঠাত (concrete cell) এটা সৰু সজাৰ মাজত বন্দী হৈ আছে। তাৰ সকলো শক্তি গৰা বা শিকলিৰ বান্ধোনত বন্দী হৈ আছে । সি তাক চাবলৈ অহা লোকসকলক অৱজ্ঞা বা উপেক্ষা কৰি কেৱল সজাটোৰ ইমুৰৰ পৰা সিমুৰলৈ খোজ কাঢ়ি থাকে ।
Stanza 5
He hears the last voice at night,
The patrolling cars,
And stares with his brilliant eyes
At the brilliant stars.
অসমীয়া অৰ্থ: ৰাতি যেতিয়া মানুহৰ কোলাহল নোহোৱা হয়, চিৰিয়াখানা নিস্তব্ধ হৈ পৰে। তেতিয়া বাঘটোৱে পহৰা দিয়া গাড়ীবোৰৰ শব্দ শুনে। সি তাৰ উজ্জ্বল চকুহালিৰে আকাশৰ উজ্জ্বল তৰাবোৰলৈ চাই, হয়তো সি তাৰ হেৰুওৱা স্বাধীনতাৰ কথা বা মুক্ত বনৰ জীৱনৰ কথা ভাবিছে।
Summary / Central Idea (সাৰাংশ / মূলভাৱ)
English: The poem 'A Tiger in the Zoo' contrasts a tiger in the zoo with the tiger in its natural habitat. The poet moves from the zoo to the jungle, and back again to the zoo. In the zoo, the tiger is imprisoned in a concrete cell, helpless and angry. In the jungle, he represents power and freedom, hunting deer and terrorizing villagers. The central idea is to show the cruelty of keeping wild animals in captivity and depriving them of their natural freedom.
অসমীয়া: 'A Tiger in the Zoo' কবিতাটোত কবিয়ে চিৰিয়াখানাত বন্দী বাঘ এটা আৰু বনাঞ্চলত মুক্ত হৈ থকা বাঘ এটাৰ মাজত তুলনা কৰিছে। কবিতাটোত দৃশ্যপট চিৰিয়াখানাৰ জীৱনৰ পৰা হাবিৰ জীৱনলৈ আৰু পুনৰ চিৰিয়াখানাৰ জীৱনলৈ সলনি হৈছে। চিৰিয়াখানাত বাঘটো এটা পকী কোঠাত এটা সৰু সজাৰ মাজত বন্দী, অসহায় আৰু ক্ষুব্ধ হৈ আছে। আনহাতে, হাবিত সি শক্তি আৰু স্বাধীনতাৰ প্ৰতীক, য’ত সি হৰিণ চিকাৰ কৰে আৰু মানুহক ভয় দেখুৱাই। কবিতাটোৰ মূলভাৱ হ’ল বন্যপ্ৰাণীক বন্দী কৰি ৰখাৰ নিষ্ঠুৰতা আৰু সিহঁতৰ প্ৰাকৃতিক স্বাধীনতা কাঢ়ি লোৱাৰ যন্ত্ৰণা প্ৰকাশ কৰা।
Textbook Questions & Answers (পাঠভিত্তিক প্ৰশ্নোত্তৰ)
Q1. Read the poem again, and work in pairs or groups to do the following tasks.
(i) Find the words that describe the movements and actions of the tiger in the cage and in the wild. Arrange them in two columns.
Answer:
In the Cage (সজা) ,In the Wild (হাবিত/মুক্ত অৱস্থাত)
Stalks (খোজ কাঢ়ে) ,Lurking in shadow (ছাঁত লুকাই থকা)
Few steps of his cage (সজাত কেইখোজমান), Sliding through long grass (ঘাঁহৰ মাজেৰে যোৱা)
Quiet rage (শান্ত খং), Snarling around houses (ঘৰৰ ওচৰে পাজৰে গৰজা)
Locked in a concrete cell (পকী কোঠাত বন্দী), Baring his white fangs (বগা দাঁত দেখুওৱা)
Ignoring visitors (দৰ্শনাৰ্থীক অৱজ্ঞা কৰা), Terrorising the village (গাওঁবাসীক ত্ৰাসিত কৰা),
Stares at the brilliant stars (তৰালৈ চাই থকা),
(ii) Find the words that describe the two places, and arrange them in two columns.
Answer:
Cage (Zoo),Wild (Jungle)
Few steps (সীমিত ঠাই/কেইখোজমান),Shadow (ছাঁ)
Concrete cell (পকী কোঠা),Long grass (দীঘল ঘাঁহ)
Locked (বন্ধ/লক কৰা), Water hole (পানীৰ উৎস)
Behind bars (গৰাৰ পিছফালে),Plump deer (শকত হৰিণ)
Visitors (দৰ্শনাৰ্থী),Houses at jungle’s edge (হাবিৰ দাঁতিৰ ঘৰবোৰ)
Patrolling cars (পহৰা দিয়া গাড়ী),Village (গাওঁ)
Q2. Notice the use of a word repeated in lines such as these:
(i) On pads of velvet quiet, / In his quiet rage.
(ii) And stares with his brilliant eyes / At the brilliant stars.
What do you think is the effect of this repetition?
Answer: The repetition of words is a poetic device used to create emphasis.
(i) Quiet: In the first case, 'quiet' describes the tiger's silent movement (velvet pads). In the second, 'quiet rage' expresses his suppressed anger. It emphasizes the contrast between his physical silence and inner turbulence.
(ii) Brilliant: 'Brilliant eyes' shows the tiger's intense gaze and remaining spirit. 'Brilliant stars' shows the freedom and beauty of nature. The repetition highlights the connection between the tiger's soul and the free sky, contrasting with his trapped body.
Additional Questions & Answers (অতিৰিক্ত প্ৰশ্নোত্তৰ)
Very Short Answer Questions (অতি চমু প্ৰশ্ন)
Q1. Who is the poet of the poem 'A Tiger in the Zoo'?
Ans: Leslie Norris.
Q2. What are the 'pads of velvet'? (মখমলৰ দৰে আৱৰণ কি?)
Ans: 'Pads of velvet' refers to the soft soles (paws) of the tiger's feet.('Pads of velvet' বা 'মখমলৰ দৰে আৱৰণ' বুলি বাঘটোৰ ভৰিৰ কোমল তলুৱাক (paws) বুজোৱা হৈছে।)
Q3. Why does the tiger ignore the visitors? (বাঘটোৱে দৰ্শনাৰ্থীক কিয় অৱজ্ঞা কৰে?)
Ans: The tiger ignores the visitors because he is angry about his captivity and considers them intruding on his space. He feels helpless and has no interest in entertaining them.(বাঘটোৱে দৰ্শনাৰ্থীসকলক অৱজ্ঞা কৰে কাৰণ সি বন্দী হৈ থকাৰ বাবে খঙত আছে আৰু দৰ্শনাৰ্থীসকলক তাৰ ঠাইত অনধিকাৰ প্ৰৱেশকাৰী বুলি ভাবে। সি নিজকে অসহায় অনুভৱ কৰে আৰু মানুহক মনোৰঞ্জন কৰাত তাৰ কোনো আগ্ৰহ নাই।)
Q4. Where should the tiger be lurking?(বাঘটো ক'ত লুকাই থকা উচিত আছিল?)
Ans: The tiger should be lurking in the shadow of long grass near the water hole.(বাঘটো পানীৰ উৎসৰ (water hole) ওচৰত দীঘল ঘাঁহৰ ছাঁত লুকাই থকা উচিত আছিল।)
Q5. What sound does the tiger hear at night?(ৰাতি বাঘটোৱে কিহৰ শব্দ শুনে?)
Ans: The tiger hears the sound of patrolling cars at night.(ৰাতি বাঘটোৱে পহৰা দিয়া গাড়ীবোৰৰ (patrolling cars) শব্দ শুনে।)
Q6. What is the rhyme scheme of the poem?(কবিতাটোৰ ছন্দৰ গাঁথনি বা Rhyme scheme কি?)
Ans: The rhyme scheme is abcb. (e.g., grass-pass, edge-village).(কবিতাটোৰ ছন্দৰ গাঁথনি হ'ল abcb। (উদাহৰণস্বৰূপে: grass-pass, edge-village)।)
Short Answer Questions (চমু প্ৰশ্ন)
Q1. How does the tiger walk in the cage? (বাঘটোৱে কেনেকৈ সজাত খোজ কাঢ়ে?)
* Ans: The tiger walks slowly and quietly in his cage on his soft, velvet-like paws. He moves with a sense of 'quiet rage,' taking only a few steps because of the limited space in the concrete cell.(বাঘটোৱে তাৰ কোমল, মখমল সদৃশ ভৰিৰে সজাৰ ভিতৰত লাহে লাহে আৰু নিশব্দে খোজ কাঢ়ে। পকী কোঠাটোৰ ঠাই সীমিত হোৱাৰ বাবে সি মাত্ৰ কেইখোজমানহে আগবাঢ়ে আৰু তাৰ খোজত এক 'নিশব্দ খং' (quiet rage) ফুটি উঠে।)
Q2. What would the tiger have done if he were in the jungle? (বাঘটো হাবিত থকা হ’লে কি কৰিলেহেতেন?)
Ans: If the tiger were in the jungle, he would have lurked in the shadows and slid through long grass near the water hole to hunt plump deer. He would also have terrorized the villagers living at the jungle’s edge by snarling and showing his fangs.(বাঘটো যদি হাবিত থাকিলহেঁতেন, তেন্তে সি পানীৰ উৎসৰ ওচৰত দীঘল ঘাঁহৰ মাজেৰে আৰু ছাঁত লুকাই থাকি হৰিণ চিকাৰ কৰিলেহেঁতেন। তদুপৰি, সি হাবিৰ দাঁতিত থকা গাওঁবাসীক তাৰ জোঙা দাঁত দেখুৱাই আৰু গৰজি গৰজি সন্ত্ৰস্ত বা ভয় খুৱাই ৰাখিলেহেঁতেন।)
Q3. Describe the tiger's cage.
Ans: The tiger's cage is a small, concrete cell with strong bars. It is very cramped compared to the vast jungle, allowing the tiger to take only a few steps. It restricts his freedom and strength.(বাঘটোৰ সজাটো (cage) মজবুত লোহাৰ গৰা থকা এটা সৰু পকী কোঠা। বিশাল জংঘলৰ তুলনাত এই ঠাই অতি ঠেক, য’ত বাঘটোৱে মাত্ৰ কেইখোজমানহে দিব পাৰে। ই বাঘটোৰ স্বাধীনতা আৰু শক্তিক আৱদ্ধ কৰি ৰাখে।)
Q4. Why does the poet say "his strength behind bars"?
Ans: The tiger is a powerful animal known for his strength. However, since he is locked in a cage, his power is restricted and useless. He cannot use his strength to hunt or run; it is confined "behind bars."(বাঘ এটা শক্তিশালী জন্তু বুলি জনাজাত। কিন্তু, যিহেতু সি এটা সজাত বন্দী হৈ আছে, তাৰ শক্তি এতিয়া সীমিত আৰু ব্যৱহাৰহীন। সি চিকাৰ কৰিবলৈ বা দৌৰিবলৈ নিজৰ শক্তি প্ৰয়োগ কৰিব নোৱাৰে; তাৰ এই শক্তি লোহাৰ দণ্ডবোৰৰ পিছফালে বন্দী হৈ আছে।)
Word Meanings (শব্দাৰ্থ)
Stalks: Walks in a proud, stiff, or angry way (খোজ কঢ়া).
Vivid: Bright and clear (উজ্জ্বল).
Rage: Violent anger (প্ৰচণ্ড খং).
Lurking: Hiding to attack (লুকাই থকা).
Snarling: Making an angry sound showing teeth (গৰজি থকা).
Fangs: Long sharp teeth of an animal (জোঙা দাঁত).
Concrete: Made of cement, sand, stone, and water (পকী/কংক্ৰিট).
Patrolling: Keeping watch over an area (পহৰা দিয়া).
MCQ Quiz: A Tiger in the Zoo
Class 10 English | SEBA Solutions
Quiz Completed!
Your Score: 0 / 10

0 Comments