Assamese meaning of the poem ‘Fire and Ice’ | SEBA Class 10 English

Assamese meaning of the poem ‘Fire and Ice’ | SEBA Class 10 English 

Fire and Ice by Robert Frost

দশম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি 'First Flight' ৰ অন্তৰ্গত ৰবাৰ্ট ফ্ৰষ্ট (Robert Frost) ৰ দ্বাৰা ৰচিত 'Fire and Ice' কবিতাটোৰ সম্পূৰ্ণ অসমীয়া আলোচনা তলত আগবঢ়োৱা হ'ল। এই আলোচনাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী সকলৰ কবিতাটো বুজি পোৱাত সহায় হ’ব । যাৰ দ্বাৰা পাঠভিত্তিক আৰু মাজৰ প্ৰশ্নসমূহৰ উত্তৰ কৰাত সহায়ক হ’ব । 

কবিৰ পৰিচয় (About the Poet)

Robert Frost (1874-1963) was a famous American poet. His poems usually contain realistic images of rural life and the use of American spoken language. He won the Pulitzer Prize four times. His poems often contain profound philosophies of human life.

(ৰবাৰ্ট ফ্ৰষ্ট (১৮৭৪-১৯৬৩) এজন প্ৰখ্যাত আমেৰিকান কবি আছিল। তেওঁৰ কবিতাবোৰত সাধাৰণতে গ্ৰাম্য জীৱনৰ বাস্তৱধৰ্মী চিত্ৰ আৰু আমেৰিকান কথিত ভাষাৰ প্ৰয়োগ দেখা যায়। তেওঁ চাৰিবাৰকৈ পুলিৎজাৰ বঁটা (Pulitzer Prize) লাভ কৰিছিল। তেওঁৰ কবিতাত প্ৰায়ে মানৱ জীৱনৰ গভীৰ দৰ্শন লুকাই থাকে।)


কবিতাটোৰ মূলভাৱ (Central Idea of the Poem)

'Fire and Ice' কবিতাটো এটা চুটি কিন্তু গভীৰ অৰ্থযুক্ত কবিতা। ইয়াত কবিয়ে পৃথিৱীখন কেনেকৈ ধ্বংস হ'ব পাৰে, তাৰ দুটা ধাৰণা আগবঢ়াইছে। কবিতাটোত 'Fire' (জুই) আৰু 'Ice' (বৰফ) ক দুটা প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছে ।

Fire (জুই): ইয়াক মানুহৰ 'তীব্ৰ আকাংক্ষা' বা 'কামনা' (Desire/Lust/Greed) ৰ লগত তুলনা কৰা হৈছে। জুই যেনেকৈ দ্ৰুতগতিত বিয়পি পৰে আৰু ধংস কৰে, ঠিক তেনেকৈ মানুহৰ কামনাই পৃথিৱীখন সোনকালে ধ্বংস কৰিব পাৰে।

Ice (বৰফ): ইয়াক মানুহৰ 'ঘৃণা' (Hatred/Coldness) ৰ লগত তুলনা কৰা হৈছে। বৰফৰ দৰে চেঁচা আৰু কঠিন মনোভাৱ বা ঘৃণাই লাহে লাহে মানুহৰ সম্পৰ্ক আৰু পৃথিৱীখনক ধ্বংসৰ মুখলৈ ঠেলি দিব পাৰে।

সাৰাংশ: কবিয়ে প্ৰথমে ভাবিছে যে মানুহৰ বাঢ়ি অহা লোভ আৰু কামনাই (Fire) পৃথিৱী ধ্বংস কৰিব। কিন্তু যদি পৃথিৱীখন দুবাৰ ধ্বংস হ'বলগীয়া হয়, তেন্তে মানুহৰ মাজত থকা পাৰস্পৰিক ঘৃণা (Ice) ও পৃথিৱী ধ্বংস কৰিবলৈ যথেষ্ট শক্তিশালী।

কবিতাটোৰ শাৰী অনুযায়ী অসমীয়া ভাঙনি (Line by Line Meaning)

Some say the world will end in fire,
Some say in ice.
From what I’ve tasted of desire
I hold with those who favor fire.

অসমীয়া অৰ্থ: কিছুমান মানুহে কয় যে এই পৃথিৱীখন জুইত ধ্বংস হ’ব, আৰু কিছুমানে কয় বৰফত ধ্বংস হ’ব। (ইয়াত জুই মানে উষ্ণতা নহয়, মানুহৰ কামনা-বাসনা বুজাইছে)। কবিয়ে কৈছে যে তেওঁ মানুহৰ 'কামনা' বা 'হেঁপাহ' (Desire) ক যিমানখিনি জানে বা অনুভৱ কৰিছে, তাৰ পৰা তেওঁ সেইসকলৰ লগত একমত যিসকলে কয় যে পৃথিৱীখন জুইত (কামনাত) ধ্বংস হ'ব।

But if it had to perish twice,
I think I know enough of hate
To say that for destruction ice
Is also great
And would suffice.

অসমীয়া অৰ্থ: কিন্তু যদি পৃথিৱীখন দুবাৰকৈ ধ্বংস হ’বলগীয়া হয় (Perish মানে ধ্বংস হোৱা), তেন্তে কবিয়ে ভাৱে যে তেওঁ মানুহৰ 'ঘৃণা' (Hate) সম্পৰ্কে যথেষ্ট জানে। ধ্বংসৰ বাবে 'বৰফ' (Ice) বা 'ঘৃণা'ও যে মহান (বা শক্তিশালী) আৰু পৃথিৱী ধ্বংস কৰিবলৈ এয়াই যথেষ্ট (Suffice) হ’ব।

পাঠভিত্তিক প্ৰশ্ন আৰু উত্তৰ (Thinking about the Poem)

Question 1: There are many ideas about how the world will end. Do you think the world will end some day? Have you ever thought what would happen if the sun got so hot that it burst or grew colder and colder? (পৃথিৱীখন কেনেকৈ ধ্বংস হ'ব সেই লৈ বহুতো ধাৰণা আছে। তুমি ভাবানে যে পৃথিৱীখন এদিন সঁচাকৈ ধ্বংস হ'ব? তুমি কেতিয়াবা ভাবিছানে কি হ'ব যদি সূৰ্যটো ইমান গৰম হৈ যায় যে ই ফাটি পৰে অথবা ই ক্ৰমান্বয়ে চেঁচা হৈ পৰে?)

Answer: Yes, I believe that the world will end someday. Everything in the universe has a lifespan.

If the sun gets too hot and bursts, the intense heat (fire) will destroy all life on earth immediately. On the other hand, if the sun grows colder and colder, everything will freeze due to extreme cold (ice), and life will cease to exist. (হয়, মই বিশ্বাস কৰোঁ যে পৃথিৱীখন এদিন ধ্বংস হ'ব। বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুৰে এটা নিৰ্দিষ্ট আয়ুস থাকে। যদি সূৰ্যটো অত্যাধিক গৰম হৈ ফাটি যায়, তেন্তে প্ৰচণ্ড উত্তাপৰ (জুই) ফলত পৃথিৱীৰ সকলো জীৱ লগে লগে ধ্বংস হৈ যাব। আনহাতে, যদি সূৰ্যটো ক্ৰমান্বয়ে চেঁচা হৈ পৰে, তেন্তে প্ৰচণ্ড ঠাণ্ডাত (বৰফ) সকলো গোট মাৰি যাব আৰু জীৱনৰ অস্তিত্ব নোহোৱা হৈ যাব।)

Question 2: For Frost, what do ‘fire’ and ‘ice’ stand for? Here are some ideas: (ফ্ৰষ্টৰ মতে, 'জুই' আৰু 'বৰফ' কিহৰ প্ৰতীক? তলত কিছুমান ধাৰণা দিয়া হ'ল:)

Greed, Avarice, Cruelty, Lust, Conflict, Fury, Intolerance, Rigidity, Insensitivity, Coldness, Indifference, Hatred.

Answer: According to Frost -

Fire’ stands for :- Greed (লোভ), Avarice (ধন লিপ্সা), Lust (কামনা/লালসা), Conflict (সংঘাত), Fury (প্ৰচণ্ড খং) and ‘Ice’ stands for :- Cruelty (নিষ্ঠুৰতা), Intolerance (অসহিষ্ণুতা), Rigidity (কঠোৰতা), Insensitivity (সংবেদনহীনতা), Coldness (আৱেগহীনতা), Indifference (উদাসীনতা), Hatred (ঘৃণা)।

Question 3: What is the rhyme scheme of the poem? How does it help in bringing out the contrasting ideas in the poem? (কবিতাটোৰ ছন্দৰ গাঁথনি (Rhyme scheme) কি? ই কবিতাটোত থকা বিপৰীতধৰ্মী ধাৰণাবোৰ প্ৰকাশ কৰাত কেনেকৈ সহায় কৰিছে?)

Answer: The rhyme scheme of the poem is aba abc bcb.

This rhyme scheme helps in bringing out the contrasting ideas of 'Fire' and 'Ice'. The poet connects 'fire' with 'desire' and 'ice' with 'hate' and 'twice'. By using this rhyming pattern, the poet emphasizes that both extreme desire (fire) and extreme hatred (ice) are equally capable of destroying the world, even though they are contradictory in nature.

(কবিতাটোৰ ছন্দৰ গাঁথনিটো হৈছে aba abc bcb।

এই ছন্দৰ গাঁথনিয়ে 'জুই' আৰু 'বৰফ'ৰ বিপৰীতধৰ্মী ধাৰণাবোৰক ফুটাই তোলাত সহায় কৰে। কবিয়ে ছন্দৰ জৰিয়তে 'fire' ক 'desire' ৰ লগত আৰু 'ice' ক 'hate' ৰ লগত সংযোগ কৰিছে। এইধৰণৰ ছন্দ ব্যৱহাৰ কৰি কবিয়ে বুজাব বিছাৰিছে যে যদিও জুই আৰু বৰফ প্ৰকৃতিগতভাৱে বিপৰীত, তথাপিও তীব্ৰ কামনা (জুই) আৰু তীব্ৰ ঘৃণা (বৰফ) দুয়োটাৰেই পৃথিৱীখনক ধ্বংস কৰাৰ সমান ক্ষমতা আছে।)

Important Note for Students :

পৰীক্ষাত প্ৰায়ে Fire আৰু Ice এ কি সূচায় (What do Fire and Ice symbolize?) সেই বিষয়ে ১ বা ২ নম্বৰৰ চমু প্ৰশ্ন আহে। সেয়েহে 'Fire = Desire' আৰু 'Ice = Hatred' এই মূল কথাটো মনত ৰাখিবলৈ চেষ্টা কৰিবা।

ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ সহায় হোৱাকৈ যাতে তোমালোকে সহজে এনেধৰণৰ গভীৰ অৰ্থপূৰ্ণ কবিতাবোৰ সহজে বুজিব পৰা তাৰ বাবে আমি অনায়াসে প্ৰয়াস কৰি আছো আৰু থাকিম । আশা ৰাখিছো ইয়াৰ দ্বাৰা তোমালোক উপকৃত হ’বা । 


Post a Comment

0 Comments