Assamese Explanation of Dust of Snow| SEBA Class 10 Poem Dust of Snow

Assamese Explanation of “Dust of snow”

এই Article টোত SEBA Class 10 ৰ ইংৰাজী পাঠ্যপুথিৰ অন্তৰ্গত Robert Frost ৰ দ্বাৰা ৰচিত 'Dust of Snow' কবিতাটোৰ সম্পূৰ্ণ অসমীয়া ভাঙনি আৰু মূল ভাবাৰ্থ তলত আলোচনা কৰা হৈছে । আশা ৰাখিছো এইটোৱে তোমালোকক সহায় কৰিব ।

Dust of Snow

কবিতাটোৰ মূল বিষয়বস্তু (Introduction): This is a short poem but deep meaningful poem. In this poem, the poet shows how a small thing can remove the pain or sorrow from people’s mind. (এইটো এটা অতি চুটি কিন্তু গভীৰ অৰ্থবহ কবিতা। ইয়াত কবিয়ে দেখুৱাইছে যে কেনেকৈ প্ৰকৃতিৰ এটা অতি সৰু ঘটনাই মানুহৰ মনৰ দুখ আঁতৰাই পেলাব পাৰে।)

স্তৱক অনুযায়ী অসমীয়া অৰ্থ (Stanza-wise Meaning)

প্ৰথম স্তৱক (1st Stanza):

The way a crow

Shook down on me

The dust of snow

From a hemlock tree

অসমীয়া অৰ্থ:

এদিন কবি ৰবাৰ্ট ফ্ৰষ্ট বৰ দুখমনেৰে এজোপা হেমলক গছৰ (Hemlock tree) তলত থিয় হৈ আছিল। হেমলক এবিধ বিষাক্ত গছ, যাক সাধাৰণতে দুখ বা মৃত্যুৰ প্ৰতীক বুলি গণ্য কৰা হৈছিল । তেনেতে গছজোপাৰ ওপৰত বহি থকা এটা কাউৰীয়ে (Crow) গছৰ ডাল এটা জোকাৰি দিয়াত, তাত জমা হৈ থকা বৰফৰ মিহি গুৰিবোৰ (Dust of snow) কবিৰ গাত সৰি পৰিছিল।

দ্বিতীয় স্তৱক (2nd Stanza):

Has given my heart

A change of mood

And saved some part

Of a day I had rued.

অসমীয়া অৰ্থ:

সেই সৰু ঘটনাটোৱে—অৰ্থাৎ কবিৰ গাত চেঁচা বৰফৰ গুৰি পৰা ঘটনাটোৱে—তেওঁৰ হৃদয় স্পৰ্শ কৰিছিল আৰু নিমিষতে তেওঁৰ মনৰ অৱস্থা (Mood) সলনি কৰি দিছিল। তেওঁৰ মনত থকা দুখবোৰ আঁতৰি মনটো ফৰকাল হৈ পৰিছিল । তেওঁৰ মতে, দিনটোৰ বেছিখিনি সময় তেওঁ দুখ কৰি বা অনুশোচনা কৰি (Rued) নষ্ট কৰিছিল, কিন্তু এই ঘটনাটোৱে দিনটোৰ বাকী থকা সময়খিনি নষ্ট হোৱাৰ পৰা বাচাই দিছিল ।

কবিতাটোৰ মূল ভাৱ (Central Idea of the Poem):

১. প্ৰকৃতিৰ নিৰাময় ক্ষমতা (Healing Power of Nature):  কবিয়ে বুজাব বিচাৰিছে যে প্ৰকৃতিৰ সান্নিধ্যই আমাৰ মনৰ পৰা যিকোনো দুখ বা হতাশাক দূৰ কৰিব পাৰে। এটি সৰু বৰফৰ কণিকায়ো মানুহৰ মনত আনন্দৰ সঞ্চাৰ কৰিব পাৰে।

২. অশুভ বস্তুৰ মাজতো শুভ লক্ষণ: সাধাৰণতে কবিতাত 'কাউৰী' আৰু 'হেমলক গছ'ক অশুভ বা দুখৰ প্ৰতীক (Bad omens) হিচাপে ব্যৱহাৰ কৰা হয়। কিন্তু এই কবিতাত কবিয়ে দেখুৱাইছে যে এই দুয়োটাই তেওঁৰ মনলৈ সুখ কঢ়িয়াই আনিলে। ইয়াৰ অৰ্থ হ'ল— আমি জগতখনক কেনেকৈ গ্ৰহণ কৰো তাৰ ওপৰতহে সুখ-দুখ নিৰ্ভৰ কৰে, কোনো বস্তু জন্মগতভাৱে অশুভ নহয়।

৩. সৰু বস্তুৰ মহত্ব:  কেতিয়াবা আমাৰ জীৱনত ঘটা অতি নগণ্য বা সৰু ঘটনাইও আমাৰ জীৱনত ডাঙৰ প্ৰভাৱ পেলাব পাৰে।

Practice question for student

"How did the dust of snow change the poet's mood?" (বৰফৰ ধূলিকণাই কবিৰ মন কেনেকৈ সলনি কৰিলে?)। 

Textbook Questions & Answers

SEBA Class 10 ৰ পাঠ্যপুথিৰ 'Dust of Snow' কবিতাটোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ উত্তৰ ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে তলত দিয়া হ’ল।

Q1. What is a "dust of snow"? What does the poet say has changed his mood? How has the poet's mood changed? (বৰফৰ ধূলিকণা বা 'dust of snow' কি? কবিয়ে কিহে তেওঁৰ মনৰ অৱস্থা সলনি কৰা বুলি কৈছে? কবিৰ মনৰ অৱস্থা কেনেকৈ সলনি হ’ল?)

Ans (English): "Dust of snow" refers to fine particles or flakes of snow.

              The sudden falling of the dust of snow from a hemlock tree changed the poet’s mood. Earlier, the poet was in a sad and depressive mood. But when the cold snow fell on him, he felt refreshed, and his mood changed from sadness to happiness.

 ("Dust of snow" মানে হৈছে বৰফৰ মিহি কণিকা ।

             হেমলক গছৰ পৰা হঠাত তেওঁৰ গাত সৰি পৰা বৰফৰ কণিকাই কবিৰ মনৰ অৱস্থা (mood) সলনি কৰি দিলে। আৰম্ভণিতে কবি বৰ দুখ আৰু হতাশাত আছিল। কিন্তু যেতিয়া চেঁচা বৰফৰ টুকুৰাবোৰ তেওঁৰ গাত পৰিল, তেওঁ সতেজ অনুভৱ কৰিলে আৰু তেওঁৰ মনটো দুখৰ পৰা সুখলৈ সলনি হ’ল।)

Q2. How does Frost present nature in this poem? The following questions may help you to think of an answer: (ফ্ৰষ্টে এই কবিতাত প্ৰকৃতিৰ বৰ্ণনা কেনেকৈ দিছে? তলৰ প্ৰশ্নকেইটাই তোমাক উত্তৰটো ভাবিবলৈ সহায় কৰিব:)

(i) What are the birds that are usually named in poems? Do you think a crow is often mentioned in poems? What images come to your mind when you think of a crow? (সাধাৰণতে কবিতাত কি কি চৰাইৰ নাম উল্লেখ থাকে? তোমালোকে ভাবানে যে কবিতাত কাউৰীৰ নাম সঘনাই উল্লেখ কৰা হয়? কাউৰীৰ কথা ভাবিলে তোমালোকৰ মনলৈ কি ছবি আহে?)

Ans (English): Usually, poets name birds like Nightingale, Cuckoo, Skylark, etc., which represent beauty and melody. No, a crow is not often mentioned in poems. When we think of a crow, images of sadness, bad omens, and darkness come to our mind. (সাধাৰণতে কবিয়ে নাইটিংগেল, কুলি, স্কাইলাৰ্ক আদিৰ দৰে চৰাইৰ নাম লয়, যিবোৰক সৌন্দৰ্য আৰু সুৰৰ প্ৰতীক বুলি ভবা হয়। নহয়, কবিতাত কাউৰীৰ কথা সঘনাই উল্লেখ কৰা নহয়। আমি কাউৰীৰ কথা ভাবিলে আমাৰ মনলৈ দুখ, অলক্ষুনে বা অশুভ লক্ষণ আৰু আন্ধাৰৰ ছবি ভাহি আহে।)

(ii) Again, what is a Hemlock tree? Why doesn't the poet write about a more beautiful tree such as a maple, or an oak, or a pine? (আকৌ, হেমলক গছ কি? কবিয়ে মেপল, ওক বা পাইন গছৰ দৰে ধুনীয়া গছৰ বিষয়ে কিয় লিখা নাই?)

Ans (English): A Hemlock tree is a poisonous plant with small white flowers.

   The poet chose the hemlock tree instead of a beautiful tree like maple or oak to represent his sad and depressive mood accurately. He wants to show that even bad things can bring joy.  (হেমলক হৈছে সৰু সৰু বগা ফুল ধৰা এবিধ বিষাক্ত গছ।

        মেপল বা ওক গছৰ দৰে ধুনীয়া গছৰ সলনি কবিয়ে হেমলক গছ বাছি লৈছে যাতে তেওঁৰ মনৰ দুখ আৰু হতাশা সঠিকভাৱে বুজাব পাৰে। তেওঁ দেখুৱাব বিচাৰিছে যে বেয়া বস্তুৱেও কেতিয়াবা মানুহৰ মনলৈ আনন্দ কঢ়িয়াই আনিব পাৰে।)

(iii) What do the 'crow' and 'hemlock' represent — joy or sorrow? What does the dust of snow that the crow shakes off a hemlock tree stand for? ('কাউৰী' আৰু 'হেমলক' গছে কি বুজায়— সুখ নে দুখ? কাউৰীটোৱে হেমলক গছৰ পৰা জোকাৰি পেলোৱা বৰফৰ ধূলিকণাই কিহৰ প্ৰতীক বহন কৰে?)

Ans (English): The 'crow' and 'hemlock' tree represent sorrow and bad omens.

   The dust of snow stands for natural joy and energy. It represents the healing power of nature that can cure human sadness. ('কাউৰী' আৰু 'হেমলক' গছে দুখ আৰু অশুভ লক্ষণক বুজায়।

   বৰফৰ ধূলিকণাই প্ৰাকৃতিক আনন্দ আৰু শক্তিক বুজায়। ই প্ৰকৃতিৰ সেই নিৰাময় শক্তিক প্ৰতিনিধিত্ব কৰে যিয়ে মানুহৰ দুখ দূৰ কৰিব পাৰে।)


Extra Important Short Questions (অতিৰিক্ত চমু প্ৰশ্ন)

Q1. Where was the crow sitting? (কাউৰীটো ক’ত বহি আছিল?)

Ans: The crow was sitting on a branch of a hemlock tree.(কাউৰীটো এজোপা হেমলক গছৰ ডালত বহি আছিল।)

Q2. What did the crow do to the hemlock tree? (কাউৰীটোৱে হেমলক গছজোপাক কি কৰিলে?)

Ans: The crow shook the branch of the hemlock tree and snow dust fell on the poet. (কাউৰীটোৱে হেমলক গছৰ ডালটো জোকাৰি দিলে আৰু বৰফৰ কণিকা কবিৰ গাত সৰি পৰিল।)

Q3. What happened to the rest of the day? (দিনটোৰ বাকী সময়খিনিৰ কি হ’ল?)

Ans: The rest of the day was saved from being wasted in regret. The poet became happy. (দিনটোৰ বাকী থকা সময়খিনি অনুশোচনাৰ পৰা ৰক্ষা পৰিল (নষ্ট নহ’ল)। কবিজন সুখী হৈ পৰিল।)

Q3. What is the rhyme scheme of the poem? (কবিতাটোৰ ছন্দৰ গাঁথনি কি?)

Ans: The rhyme scheme of the poem is abab cdcd. (কবিতাটোৰ ছন্দৰ গাঁথনি হৈছে abab cdcd।)


ওপৰৰ আমাৰ চেষ্টাই নিশ্চয় তোমালোকক সহায় কৰিব । যদি কিবা ভুল তোমালোকৰ/আপোনালোকৰ চকুত পৰে নিশ্চয় জনাব । তাক শুধৰণি কৰাৰ ১০০% প্ৰয়াস কৰিম । আৰু পৰৱৰ্তি সময়ত আৰু সঠিক আৰু বিশ্বাসী Post দিবলৈ দায়বদ্ধ থাকিম । আপোনালোকৰ সহায়েৰে আমাক আৰু এখোজ আগুৱাই যোৱাত সহায় কৰিব লগতে অসমৰ দুখীয়া ছাত্ৰ-ছাত্ৰী সকলক বিনামূলীয়াকৈ সঠিক ভাবে পাঠ্যপুথিৰ তথ্যসমূহ আগবঢ়োৱাত আমাক অনুপ্ৰেৰণা দিব ।  ধন্যবাদ । 


Post a Comment

0 Comments