Assamese Meaning of A Letter to God| SEBA Class 10 English

Assamese meaning of ‘A Letter to God’

এই Article টোত “ভগৱানলৈ এখন চিঠি” পাঠটোৰ অসমীয়া অৰ্থটো দিঢ়া হ’ল । আশা কৰিছো এই Post টোৰে তোমালোকক সহায় কৰিব । আন পাঠবোৰৰ অসমীয়া অৰ্থ লাভ কৰিবলৈ আমাৰ site লৈ Visit কৰি থাকিবা । 

A Letter to God

                                                         1st Paragraph (প্ৰথম অনুচ্ছেদ)

THE house — the only one in the entire valley — sat on the crest of a low hill. (সেইঘৰটো অৰ্থাৎ Lencho ৰ ঘৰটো গোটেই পাহাৰৰ টিলাটোৰ একেবাৰে ওপৰত থকা একমাত্ৰ ঘৰ আছিল ।) From this height one could see the river and the field of ripe corn dotted with the flowers that always promised a good harvest. (সেই উচ্চতাৰ পৰা Lencho য়ে নদীখন আৰু তেওঁৰ পকা শস্যৰ পথাৰখন দেখা পাইছিল, যি সদায় ভাল খেতিৰ প্ৰতিশ্ৰুতি দিছিল ।) The only thing the earth needed was a downpour or at least a shower. (তাৰ বাবে প্ৰয়োজন আছিল মাত্ৰ এজাক বৰষুণৰ ।)

Throughout the morning Lencho — who knew his fields intimately — had done nothing else but see the sky towards the north-east.( ৰাতিপুৱাৰ গোটেই সময়খিনি Lencho য়ে, যি তেওঁৰ খেতি পথাৰখনৰ কথা ভালকৈ জানিছিল, একো নকৰি কেৱল উত্তৰ-পূৱৰ আকাশলৈ এজাক বৰষুণ পোৱাৰ আশাৰে চাই ৰৈছিল ।) “Now we’re really going to get some water, woman.” (উত্তৰ-পূৱৰ আকাশখনলৈ চাই Lencho য়ে তেওঁৰ পত্নীক ক’লে - এতিয়া বৰষুণ পৰিব বা এতিয়া আমাৰ শষ্য দৰাই অলপ বৰষুণৰ পানী লাভ কৰিব।) The woman who was preparing supper, replied, “Yes, God willing”.(মহিলা গৰাকী যিয়ে দিনটোৰ শেষৰ সাঁজ আহাৰ প্ৰস্তুতি কৰি আছিল, উত্তৰ দিলে, “হয়, ভগৱানৰ ইচ্ছাত” ।  The older boys were working in the field, while the smaller ones were playing near the house until the woman called to them all, “Come for dinner”.(তেওঁলোকৰ ডাঙৰ ল’ৰা কেইজনে খেতি পথাৰত কাম কৰি আছিল, আনহাতে সৰু কেইজনে ঘৰৰ ওচৰতে খেলি আছিল, যেতিয়ালৈ মহিলা গৰাকী অৰ্থাৎ Lencho ৰ পত্নী বা ল’ৰা-ছোৱালী কেইজনৰ মাকে সিহঁতক ৰাতিৰ আহাৰ খাবলৈ মাতা নাছিল ।)

                                                          2nd Paragraph (দ্বিতীয় অনুচ্ছেদ)

It was during the meal that, just as Lencho had predicted, big drops of rain began to fall. (আহাৰ খাই থকাৰ সময়ত, Lencho য়ে এইমাত্ৰ অনুমান কৰাৰ দৰে, বৰষুণৰ ডাঙৰ টোপালবোৰ সৰিবলৈ আৰম্ভ কৰিলে ।) In the north-east huge mountains of clouds could be seen approaching. (পাহাৰৰ উত্তৰ-পূৱৰ দিশত বহু পৰিমাণৰ ডাৱঁৰ দেখা গৈছিল ।)The air was fresh and sweet. (বতাহজাক সতেজ আৰু মিঠা আছিল ।) The man went out for no other reason than to have the pleasure of feeling the rain on his body, and when he returned he exclaimed, ‘‘These aren’t raindrops falling from the sky, they are new coins. (মানুহজন অৰ্থাৎ Lencho বাহিৰলৈ উলাই গ’ল বেলেগ কাৰণত নহয় , কেৱল বৰষুণৰ টোপালে তেওঁৰ শৰীৰত স্পৰ্ষ কৰাৰ সুখকন অনুভৱ কৰিবৰ বাবে, আৰু যেতিয়া তেওঁ ঘূৰি আহিছিল তেওঁ হঠাৎ কৈ উঠিছিল, ‘ আকাশৰ পৰা বৰষুণৰ টোপাল সৰা নাই, এইবোৰ নতুন মুদ্ৰাহে ।) The big drops are ten cent pieces and the little ones are fives.’’ (ডাঙৰ টোপালবোৰ ১০ চেণ্টৰ মুদ্ৰা আৰু সৰুবোৰ ৫ চেণ্টৰ মুদ্ৰা ।) With a satisfied expression he regarded the field of ripe corn with its flowers, draped in a curtain of rain. (বৰষুণৰ মাজেৰে এটা সন্তুষ্টিৰ ভাৱেৰে তেওঁ ফুলেৰে ভৰি থকা তেওঁৰ মাকৈৰ খেতিৰ পথাৰখনলৈ চকু ফুৰালে ।) But suddenly a strong wind began to blow and along with the rain very large hailstones began to fall. (কিন্তু,হঠাৎ এজাক বতাহ জুৰেৰে বলিবলৈ আৰম্ভ কৰিলে আৰু ইয়াৰ লগত ডাঙৰ শিলবৰষুণো পৰিবলৈ ধৰিলে ।) These truly did resemble new silver coins. (তেতিয়া Lencho য়ে আকৌ ক’লে এইবোৰ সচাঁকৈ নতুন ৰূপৰ মুদ্ৰাৰ সদৃশ ।) The boys, exposing themselves to the rain, ran out to collect the frozen pearls. (ল’ৰা কেইজনে বৰষুণৰ মাজলৈ উলাই গ’ল, আৰু সেই হিমায়িত মুকুটাবোৰ সংগ্ৰহ কৰিবলৈ দৌৰ মাৰিলে ।) ‘‘It’s really getting bad now,’’ exclaimed the man. “I hope it passes quickly.” It did not pass quickly. (“এতিয়া এইটো বেয়াৰ দিশে গতি কৰিছে” মানুহ জনে অৰ্থাৎ Lencho য়ে হঠাতে কৈ উঠিল । “ মই আশা কৰো সোনকালে এইটো শিলাবৃষ্টিযাক হৈ যাব” । সেই বৃষ্টি কিন্তু সোনকালে পাৰ হৈ যোৱা নাছিল ।)

For an hour the hail rained on the house, the garden, the hillside, the cornfield, and the whole valley. (প্ৰায় এঘণ্টা ধৰি ঘৰ, বাগিছা, পাহাৰৰ দাঁতি, মাকৈৰ পথাৰখনত আৰু সমগ্ৰ উপত্যকাত শিলাবৃষ্টি হৈছিল । The field was white, as if covered with salt. Not a leaf remained on the trees. The corn was totally destroyed. The flowers were gone from the plants. (পথাৰখন বগা হৈ পৰিছিল, যেন গোটেই পথাৰখন নিমখেৰে আৱঁৰি আছে । গছবোৰত এটা পাতো বাকী থকা নাই । মাকৈবোৰ সম্পূৰ্ণ ধংস হৈ গৈছে । গছবোৰৰ পৰা সকলো ফুল সৰিপৰিছে ।) Lencho’s soul was filled with sadness. When the storm had passed, he stood in the middle of the field and said to his sons, “A plague of locusts would have left more than this. The hail has left nothing. This year we will have no corn.’’ (Lencho ৰ আত্মা দুখেৰে ভৰি পৰিল । যেতিয়া ধুমুহাজাক পাৰহৈ গ’ল, তেওঁ খেতি পথাৰখনৰ মাজত থিয় হ’ল আৰু তেওঁৰ ল’ৰা কেইজনক ক’লে, “ কাকতী ফৰিঙৰ জাকেও ইয়াতকৈ বেছিকৈ এৰি থৈ যায় । এই শিল বৰষুণজাকে একোৱে এৰি থৈ যোৱা নাই । এইবছৰ আমাৰ অলপো মাকৈ নাথাকে । 

That night was a sorrowful one.

“All our work, for nothing.”

‘‘There’s no one who can help us.”

“We’ll all go hungry this year.”

(সেই ৰাতিটো বৰ বিষাদৰ ৰাতি আছিল । 

“ আমাৰ সকলো কামৰ, একো মূল্য নাই ”।

“ইয়াক কোনো নাই যি আমাক সহায় কৰিব পাৰে”।

“আমি সকলো এইবছৰ ভুকতে থাকিব লাগিব”।

                                                          3rd Paragraph (তৃতীয় অনুচ্ছেদ)

But in the hearts of all who lived in that solitary house in the middle of the valley, there was a single hope: help from God. “Don’t be so upset, even though this seems like a total loss. Remember, no one dies of hunger.” “That’s what they say: no one dies of hunger.”(সকলোবোৰ শেষহোৱাৰ পাছতো সেই উপত্যকাৰ মাজত থকা অকলশৰীয়া ঘৰটোত বাসকৰা প্ৰতি গৰাকীৰ অন্তৰত এটা আশা আছিল : ভগৱানৰ সহায় । “ইমান দুখী নহ’বা, যদিও সকলো শেষ হৈ গৈছে । মনত ৰাখিবা, কোনো এজনৰ ভুকত মৃত্যু নহয়” । “সেইবাবে সিহঁত সকলোৱে কৈছে : ভুকত কাৰো মৃত্যু নহয়”।)

All through the night, Lencho thought only of his one hope: the help of God, whose eyes, as he had been instructed, see everything, even what is deep in one’s conscience. Lencho was an ox of a man, working like an animal in the fields, but still he knew how to write.(সেইদিনাখন গোটেই ৰাতি, Lencho য়ে কেৱল তেওঁৰ একমাত্ৰ আশা : ভগৱানৰ সহায়ৰ কথাটোৱে ভাবি থাকিল, যি চকুৰে সকলো দেখা পাই, আনকি মনৰ গভীৰতাও আৰু তেওঁৰ নিৰ্দেশতেই সকলো হয় । Lencho এগৰাকী কঠোৰ পৰিশ্ৰমী লোক মানৱ বলধ, পশুৰ দৰে তেওঁ পথাৰত কষ্ট কৰে, তাৰ পাছতো তেওঁ লিখিব জানিছিল ।)

The following Sunday, at daybreak, he began to write a letter which he himself would carry to town and place in the mail. (পাছৰ দেওবাৰে, দিনৰ জিৰণিৰ সময়ত তেওঁ (Lencho) য়ে এখন চিঠি লিখা আৰম্ভ কৰিলে আৰু নিজেই চিঠিখন চহৰলৈ লৈ গ’ল আৰু ডাকঘৰত জমা কৰিলে ।)

It was nothing less than a letter to God. “God,” he wrote, “if you don’t help me, my family and I will go hungry this year. I need a hundred pesos in order to sow my field again and to live until the crop comes, because of the hailstorm....” (এই চিঠিখন ভগৱানলৈ লিখা এখন চিঠি । তেওঁ চিঠিখনত লিখিছে,” ভগৱান, যদি তুমি মোক সহায় নকৰা, মোৰ পৰিয়াল আৰু মই এইবছৰ ভুকতে থাকিব লাগিব । মোক মোৰ খেতিপথাৰখন পূণৰ সজাবলৈ আৰু খেতি পৰিপক্ক হোৱালৈ জীয়াই থাকিব পৰাকৈ ১০০ পেজ’ছৰ প্ৰয়োজন, কাৰণ শিলাবৃষ্টিয়ে মোৰ খেতিপথাৰ সম্পূৰ্ণ শেষ কৰিলে ।)

He wrote ‘To God’ on the envelope, put the letter inside and, still troubled, went to town. At the post office, he placed a stamp on the letter and dropped it into the mailbox. (এটা চিঠিৰখামৰ ওপৰত তেওঁ লিখিলে ‘প্ৰতি, ভগৱান’ আৰু চিঠিখন খামটোৰ ভিতৰত ভৰাই দিলে আৰু চহৰলৈ গ’ল । ডাকঘৰত, তেওঁ চিঠিৰ খামটোৰ ওপৰত এটা ষ্টাম্প লগালে আৰু চিঠিৰ বাকচটোত ভৰাই দিলে ।)

One of the employees, who was a postman and also helped at the post office, went to his boss laughing heartily and showed him the letter to God. (ডাকঘৰৰ এজন কৰ্মকৰ্তা, যি ডাকোৱাল আছিল আৰু ডাকঘৰতো সহায় কৰিছিল, Lencho ৰ চিঠিখন পাই হাঁহি হাঁহি তেওঁৰ উচ্চপদস্ত বিষয়া জনৰ ওচৰলৈ গ’ল আৰু ভগৱানলৈ লিখা চিঠিখন তেওঁক দেখালে। )

Never in his career as a postman had he known that address. The postmaster — a fat, amiable fellow — also broke out laughing, but almost immediately he turned serious and, tapping the letter on his desk, commented, “What faith! I wish I had the faith of the man who wrote this letter. (ডাকোৱালৰ এই কৰ্ম জীৱনত তেওঁ কেতিয়াও এইটো ঠিকনা জনা নাছিল । ডাকঘৰৰ ভাৰপ্ৰাপ্ত কৰ্মচাৰী জন শকত আৰু বন্ধুসুলভ মনোভাৱৰ লোক আছিল । তেওঁ বহুত হাঁহিছিল, কিন্তু তাৎক্ষণিক ভাবে তেওঁ গহীন হৈ পৰিল আৰু চিঠিখনেৰে তেওঁল টেবুলৰ ওপৰত টুকুৰিয়াই, ক’লে, “কি বিশ্বাস ! মই আশা কৰিছো মই মানুহজনৰ বিশ্বাস ৰাখিব পাৰিলে ভাল হ’ব ।) 

Starting up a correspondence with God!” So, in order not to shake the writer’s faith in God, the postmaster came up with an idea: answer the letter. (ভগবানৰ সৈতে চিঠিৰ আদান-প্ৰদান দেখাবলৈ, যাতে লিখকৰ ভগৱানৰ ওপৰত থকা বিশ্বাসটো থাকে, ডাকঘৰৰ ভাৰপ্ৰাপ্ত বিষয়া জনে এটা সিদ্ধান্ত ল’লে : চিঠিখনৰ উত্তৰ দিব ।) 

But when he opened it, it was evident that to answer it he needed something more than goodwill, ink and paper. (কিন্তু যেতিয়া তেওঁ চিঠিখন খুলিলে, তেতিয়া তেওঁ দেখিলে যে চিঠিখনৰ উত্তৰ দিবলৈ তেওঁক ভালমনোভাৱ, চিয়াঁহী আৰু কাগজৰ উপৰিও আৰু কিছু বেছি কিবা লাগিব ।) 

But he stuck to his resolution: he asked for money from his employees, he himself gave part of his salary, and several friends of his were obliged to give something ‘for an act of charity’. (কিন্তু তেওঁ Lencho ৰ সমস্যাটোৰ সমাধানৰ বাবে লাগিথাকিল : তেওঁ তেওঁৰ কাৰ্যালয়ৰ আন কৰ্মচাৰী সকলৰ পৰা টকা বিছাৰিলে, নিজেও তেওঁৰ মুঠ দৰমহাৰ এটা অংশ দিলে, আৰু তেওঁৰ বহুকেইজন বন্ধুক কিবা অলপ কৈ হ’লেও দানৰ নামত দিবৰ বাবে মান্তি কৰালে ।)

It was impossible for him to gather together the hundred pesos, so he was able to send the farmer only a little more than half. (সকলোৰে পৰা টকা সংগ্ৰহ কৰিয়ো তেওঁৰ বাবে ১০০ পেজোছ সংগ্ৰহ কৰাটো সম্ভৱ নাছিল, সেইবাবে তেওঁ মাত্ৰ আধাতকৈ অলপ বেছি পৰিমাণৰ পেজোছ হে Lencho লৈ পঠিয়াবলৈ সক্ষম হৈছিল ।) 

He put the money in an envelope addressed to Lencho and with it a letter containing only a single word as a signature: God. (তেওঁ টকা কেইটা এটা চিঠিৰখামৰ মাজত ভৰাই Lencho ৰ ঠিকনালৈ পঠালে আৰু এখন চিঠিত ভগৱানৰ স্বাক্ষৰ হিচাপে মাত্ৰ এটা শব্দ ‘ভগৱান’ বুলি লিখি পঠালে ।)

                                                           4th Paragraph (চতুৰ্থ অনুচ্ছেদ)

The following Sunday Lencho came a bit earlier than usual to ask if there was a letter for him. (পাছৰটো দেওবাৰে Lencho আগতকৈ অলপ সোনকালে আহিল তেওঁৰ নামত কিবা চিঠি আহিছে নেকি শুধিবলৈ ।) 

It was the postman himself who handed the letter to him while the postmaster, experiencing the contentment of a man who has performed a good deed, looked on from his office. (ডাকোৱাল জনে নিজেই আহি চিঠিখন Lencho ৰ হাতত তুলি দিলে, তেতিয়া ডাকঘৰৰ ভাৰপ্ৰাপ্ত বিষয়া জনে, যিয়ে এই মহান কামটো কৰিছিল তেওঁ তেওঁৰ দফ্‌টৰৰ পৰাই সন্তুষ্টিৰ দৃষ্টিৰে চাই আছিল । )

Lencho showed not the slightest surprise on seeing the money; such was his confidence — but he became angry when he counted the money. (Lencho সম্পূৰ্ণ বিশ্বাসী আছিল সেইবাবে চিঠিৰ খামৰ ভিতৰত টকা কেইটা দেখিও অলপো আঁচৰিত হোৱা নাছিল - তাৰ পৰিৱৰ্তে তেওঁ টকাকেইটা গণণা কৰি খংহে কৰিছিল । 

God could not have made a mistake, nor could he have denied Lencho what he had requested. (ভগৱানে ভুল কৰিব নোৱাৰে আৰু তেওঁ Lencho ৰ দাবিক নাকছো কৰিব নোৱাৰে । 

Immediately, Lencho went up to the window to ask for paper and ink. On the public writing-table, he started to write, with much wrinkling of his brow, caused by the effort he had to make to express his ideas. (লগে লগে Lencho য়ে খিৰিকীৰ কাষলৈ গৈ কাগজ আৰু চিয়াঁহী বিছাৰিলে । ৰাজহুৱা মেজত গৈ কপাল কুচখুৱাই লিখা আৰম্ভ কৰিলে, কপাল কুচখুওৱাটো তেওঁৰ মনৰ ধাৰণা প্ৰকাশৰ বাবে কৰা প্ৰয়াসৰ ফল ।) 

When he finished, he went to the window to buy a stamp which he licked and then affixed to the envelope with a blow of his fist. (লিখা শেষ হোৱাৰ পাছত তেওঁ খিৰিকীৰ কাষলৈ গ’ল আৰু ষ্টাম্প এটা ক্ৰয় কৰি চিঠিৰখামটোত ওপৰত হাতৰ মুঠিৰে হেচা দি লগালে ।

The moment the letter fell into the mailbox the postmaster went to open it. (চিঠিখন ডাকঘৰৰ বক্সটোত দিয়াৰ লগে লগে ডাকঘৰৰ ভাৰপ্ৰাপ্ত বিষয়াজনে চিঠিখন মুকলি কৰি চাবলৈ আহিল ।) 

It said: “God: Of the money that I asked for, only seventy pesos reached me. Send me therest, since I need it very much. But don’t send it to me through the mail because the post office employees are a bunch of crooks. Lencho.” (চিঠিখনত Lencho য়ে কৈছিল :” ভগৱান মই যি কেইটা টকা বিছাৰিছিলো তাৰপৰা মাত্ৰ ৭০ পেজোছ হে মই লাভ কৰিলো । মোক বাকী থকা টকা কেইটাও পঠাই দিয়া, কাৰণ মোক এইটোৰ বহুত প্ৰয়োজন । কিন্তু সেই টকা কেইটা ডাকঘৰৰ যোগেদি পঠাব নালাগে কাৰণ ডাকঘৰৰ কৰ্মচাৰীসকল অসৎ । Lencho.”) 

A short note on the author of the story "A Letter to God."

Gregorio López y Fuentes (1895–1966) was a prominent Mexican novelist, poet, and journalist. He was a key figure in the literature of the Mexican Revolution and is best known for his realistic portrayal of peasant life in Mexico.

Key Highlights:

Background: Born in the Huasteca region of Veracruz, Mexico, he grew up among farmers and rural communities. This background heavily influenced his writing, giving him a deep understanding of the struggles faced by the campesinos (peasants).

Literary Focus: His stories often focus on the Mexican Revolution, the hardships of rural life, and the simple, unshakeable faith of the common people. He frequently used humor and irony to critique social issues.

"A Letter to God": In this famous short story, Fuentes captures the immense simplicity and deep faith of a farmer named Lencho. The story is a classic example of his style—blending the tragedy of a ruined harvest with the gentle humor of a man innocent enough to mail a letter to heaven.

Summary:

Fuentes was a writer of the people. He did not just write about the poor; he tried to show their dignity, their challenges, and their unique worldview, often highlighting the contrast between their innocence and the complex world around them.

অসমীয়াত লেখকৰ পৰিচয় :

'A Letter to God' পাঠটোৰ লেখক জি. এল. ফিউএন্টেছ (G.L. Fuentes) ৰ বিষয়ে এটি চমু টোকা :

জি. এল. ফিউএন্টেছ (১৮৯৫–১৯৬৬) মেক্সিকোৰ এজন প্ৰখ্যাত ঔপন্যাসিক, কবি আৰু সাংবাদিক আছিল। তেওঁক মেক্সিকান বিপ্লৱৰ সময়ৰ সাহিত্যৰ অন্যতম প্ৰধান ব্যক্তি বুলি গণ্য কৰা হয়। তেওঁ বিশেষকৈ মেক্সিকোৰ গ্ৰাম্য অঞ্চলৰ কৃষকসকলৰ জীৱনৰ বাস্তৱধৰ্মী বৰ্ণনাৰ বাবে জনাজাত।

মূল কথা:

 * পটভূমি: তেওঁৰ জন্ম হৈছিল মেক্সিকোৰ ভেৰাক্ৰুজৰ এখন গাঁৱত। তেওঁ কৃষক আৰু সাধাৰণ শ্ৰমিক শ্ৰেণীৰ মানুহৰ মাজত ডাঙৰ-দীঘল হৈছিল। এই পৰিৱেশে তেওঁৰ লেখাত গভীৰ প্ৰভাৱ পেলাইছিল, যাৰ ফলত তেওঁ কৃষকসকলৰ (যাক মেক্সিকোতে 'campesinos' বোলা হয়) দুখ-কষ্টক অতি ভালদৰে অনুভৱ কৰিব পাৰিছিল।

 * সাহিত্যৰ বিষয়বস্তু: তেওঁৰ গল্পবোৰত প্ৰায়ে মেক্সিকান বিপ্লৱৰ ঘটনা, গ্ৰাম্য জীৱনৰ সংগ্ৰাম আৰু সাধাৰণ মানুহৰ অটল বিশ্বাসৰ ছবি ফুটি উঠে। তেওঁ বিভিন্ন সামাজিক সমস্যা দাঙি ধৰিবলৈ প্ৰায়ে হাস্যৰস (humor) আৰু বক্রোক্তি বা বিড়ম্বনাৰ (irony) আশ্ৰয় লৈছিল।

 * 'A Letter to God' (ঈশ্বৰলৈ এখন চিঠি): এই বিখ্যাত চুটিগল্পটোত ফিউএন্টেছে লেঞ্চো (Lencho) নামৰ এজন দৰিদ্ৰ কৃষকৰ অসীম সৰলতা আৰু ঈশ্বৰৰ প্ৰতি থকা গভীৰ বিশ্বাসক নিখুঁতভাৱে দাঙি ধৰিছে। গল্পটোত কেনেকৈ এজন খেতিয়কে ফচল নষ্ট হোৱাৰ পাছতো নিৰাশ নহৈ ঈশ্বৰলৈ চিঠি লিখে, সেয়া অতি সুন্দৰকৈ বৰ্ণনা কৰা হৈছে।

সাৰাংশ:

ফিউএন্টেছ আছিল জনসাধাৰণৰ লেখক। তেওঁ কেৱল দুখীয়া মানুহৰ অভাৱ-অনাটনৰ কথাই লিখা নাছিল; তেওঁ তেওঁলোকৰ আত্মসন্মান, জীৱনৰ প্ৰত্যাহ্বান আৰু জগতখনক তেওঁলোকে কেনেকৈ চাইছিল, সেই কথাও লিখিছিল।




Post a Comment

0 Comments